মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পাৰপত্ৰ বিভাগ

বিভিন্ন প্ৰকাৰৰ ভিছা

বিদেশী নাগৰিকৰ বাবে জাৰি কৰা ভাৰতীয় ভিছা:

  • কূটনৈতিক /চৰকাৰী/উএন চৰকাৰী ভিছা: কূটনীতিবিদ/নিজৰ দেশৰ অভিযানৰ বাবে নিযুক্ত বিষয়া/ভাৰতত নিযুক্ত থকা বিদেশী/ৰাষ্ট্ৰসংঘ বা ভাৰতত থকা কোনো আন্তৰ্জাতিক সংস্থাত নিযুক্ত পাচপোৰ্ট ধাৰীৰ আৰু লগতে তেওঁলোকৰ পৰিয়ালৰ কোনোৱে ধাৰণ কৰা যিকোনো পাচপোৰ্টৰ বিপৰীতে প্ৰদান কৰা ভিছাইঅ হৈতে কূটনৈতিক ভিছা।
  • পৰিবহণ ভিছা: ভাৰতৰ মাজেৰে কোনো অন্য দেশলৈ ভ্ৰমণ কৰা যিকোনো দুজন বিদেশীক একেলগে পৰিবহণ ভিছা বা ভ্ৰমণ ভিছা প্ৰদান কৰা হয়। এই ভিছাৰ বৈধতা কেৱল ১৫ দিন। কিন্তু আবেদনকাৰীৰ লগত ভাৰত হৈ যোৱা যিকোনো গন্তব্যস্থানৰ বাবে বিমান টিকট থকাটো বাঞ্চনীয়।
  • প্ৰৱেশ ভিছা:: ভাৰতীয় মূলকৰ যিকোনো নাগৰিকে প্ৰৱেশ ভিছাৰ বাবে অবেদন কৰিব পাৰে। তদুপৰি, ভাৰতীয় নাগৰিকত্ব থকা কোনো লোকৰ পত্নী/সন্তান বিদেশত থাকিলে আৰু পৰ্যটন/পৰিবহণ ভিছাৰ বাদে বেলেগ ভিছা থকা যিকোনো বিদেশী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে এই ভিছা প্ৰযোজ্য।
  • পৰ্যটক ভিছা: ভাৰতত বসবাস নকৰা বা ভাৰতত কোনো ধৰণৰ চাকৰি নকৰা বিদেশীসকলৰ বাবে, যিয়ে কেৱল বিনোদন, ঠাই ভ্ৰমণ, বন্ধু-বান্ধৱক দেখা কৰিবলৈ ভাৰতলৈ আহিব খোজে, তেওঁলোকৰ বাবে এই ভিছা প্ৰদান কৰা হ’ব।
  • চাকৰি ভিছা: কৰ্মসংস্থান ভিছা বা চাকৰি ভিছা একোজন দক্ষ, কুশল আৰু ভাৰতৰ যিকোনো সংস্থা, প্ৰতিস্থানৰ হৈতে জড়িত , তেওঁলোকক একবছৰৰ বাবে প্ৰদান কৰা হয়।
  • প্ৰকল্প ভিছা বা প্ৰজেক্ট ভিছা: কৰ্মসংস্থান ভিছাৰ এক শ্ৰেণী হৈছে প্ৰজেক্ট ভিছা। ষ্টীল তথা পাৱাৰ সেক্টৰ প্ৰকল্পত বৰ্তি থকা কোনো বিদেশীৰ বাবে এই ভিছা প্ৰদান কৰা হয়।
  • শিক্ষাৰ্থী ভিছা: কোনো এক স্বীকৃত প্ৰতিষ্ঠানৰ নিয়মিত শিক্ষাগ্ৰহণৰ বাবে অথবা গৱেষণাৰ উদ্দেশ্যে ভাৰতলৈ আহিব খোজা বিদেশী নাগৰিক এজনক পাঁচ বছৰৰ বাবে শিক্ষাৰ্থী ভিছা প্ৰদান কৰা হয়।
  • সাংবাদিক ভিছা :গণমাধ্যম/সাংবাদিক বিভাগৰ কোনো সাংবাদিক, চলচিত্ৰ ব্যক্তি, ৰেডিঅ’ তথা টেলিভিছন মাধ্যমৰ কোনো লোকক সৰ্বাধিক ছয় মাহৰ বাবে সাংবাদিক ভিছা প্ৰদান কৰা হয়।
  • ব্যৱসায়িক ভিছা: শিল্প/ব্যৱসায়, উদ্যোদ আদিৰ স্থাপনৰ সম্ভাৱনীয়তাৰ বিষয়ে সম্বন্ধে বা বাণিজ্যিক বা শিল্প জাতীয় পণ্য বিক্ৰী কৰিব খোজা বিদেশীসকলৰ বাবে পাঁচ বছৰৰ বাবে ব্যৱসায়িক ভিছা প্ৰদান কৰা হয়।
  • মিছনাৰী ভিছা: ভাৰতলৈ উভটি নহা অনা-আপত্তি প্ৰমাণ-পত্ৰ বহন নকৰা যিকোনো মিছনাৰী বিদেশীৰ বাবে সংশ্লিষ্ট মন্ত্ৰালয়/ বিভাগৰ অনুমতি ক্ৰমে মিছনাৰী ভিছা প্ৰদান কৰা হয়।
  • পৰ্বতাৰোহণ ভিছা: পৰ্বতাৰোহী বিদেশীসকলৰ বাবে সংশ্লিষ্ট বিভাগৰ অনুমোদন পোৱাৰ পিছত পৰ্বতাৰোহণ ভিছা প্ৰদান কৰা হয়।
  • চেমিনাৰ ভিছা: চৰকাৰী সংস্থা, সহায়কাৰী সংস্থাৰ উদ্যোগত অনুস্থিত আন্তৰ্জাতিক সন্মিলন, চেমিনাৰ ইত্যাদিত ভাগ ল’বৰ বাবে এই ভিছা প্ৰদান কৰা হয়।
  • গৱেষণা ভিছা: গৱেষণা প্ৰতিষ্ঠানৰ স্বীকৃতি /খ্যাতি আৰু আবেদনকাৰীৰ যোগ্যতাৰ ওপৰত নিৰ্ভৰ কৰি সৰ্বাধিক ৩ বছৰৰ বাবে এই ভিছা প্ৰদান কৰা যাব পাৰে।
  • চিকিৎসা/চিকিৎসক ভিছা: ভাৰতবৰ্ষত থকা চিকিৎসালয়ত ভৰ্তি কৰাবৰ বাবে বা কোনো এজন বিদেশী চিকিৎসকক ভাৰ্ত গমণ কৰাবৰ বাবে সম্পূৰ্ণ এক বছৰৰ বাবে চিকিৎসা ভিছা প্ৰদান কৰা হয়।
  • সাৰ্বজনীন ভিছা: সাৰ্বজনীন ভিছা এক দীৰ্ঘকালীন ভিছা, যাক স্বয়ং গৃহ মন্ত্ৰালয়ে চিটিজেঞ্চ অফ ইণ্ডিয়া(চিঅ’আই) বহনকাৰী বিদেশীক প্ৰদান কৰে।
  • সীমাবদ্ধ/সুৰক্ষিত এলেকা পাৰমিট: বিদেশীসকলক প্ৰদান কৰা ভিছা সমূহ সকলো ক্ষেত্ৰতে প্ৰযোজ্য নহয়। সেইবাবে সুৰক্ষিত এলেকাৰ পাৰমিটৰ প্ৰয়োজন হয়। এই পাৰমিট ৰাজ্য চৰকাৰৰ দ্বাৰা প্ৰদান কৰা হয়।
  • পাকিস্তানী নাগৰিক আৰু পাকিস্তানী মূলকৰ বিদেশী: সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনুমতি প্ৰদানৰ পাছতেহে পাকিস্তানী নাগৰিক এজনক ভিছা প্ৰদান কৰা হয় আৰু ভাৰত সোমোৱাৰ ২৪ ঘণ্টাৰ ভিতৰত কৰ্তৃপক্ষৰ ওচৰত ভিছাৰ পঞ্জীয়ন কৰাটো বাধ্যতামূলক।
  • চীনা নাগৰিকসকল: এবাৰত কেৱল এজন চীন বাসীৰ বাবে তিনি মাহৰ বাবে বৈধ থকা পৰ্যটক ভিছা আৰু ব্যৱসায়িক ভিছা প্ৰদান কৰা যাব পাৰে। তদুপৰি এই ভিছাৰ বৈধতা গৃহ মন্ত্ৰালয়ৰ দ্বাৰা আৰু তিনি মাহলৈ বৃদ্ধি কৰিব পৰা যায়।
  • বিনামূলীয়া ভিছা: বিদ্যমান দ্বিপক্ষীয় চুক্তি/ব্যৱস্থাৰ ওপৰত বিবেচনা কৰি আফগাণিস্তান, আৰ্জেণ্টিনা, বাংলাদেশ, কোৰিয়া, জামাইকা, মালডিভাছ, মৰেচিয়াচ, দক্ষিণ আফ্ৰিকা আৰু উৰুগুৱে দেশৰ লোকৰ বাবে বিনামূলীয়া ভিছা প্ৰদান কৰা হয়।
Downloads
TitleSizeDetail
দ্বিপক্ষীয় চুক্তিৰ কাৰ্য্যকৰী হোৱা দেশৰ তালিকা98.19 KBswf-image