মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পাৰপত্ৰ বিভাগ

গৱেষণা ভিছাৰ সম্প্ৰসাৰণৰ বাবে আবেদন

Checklist:

  1. title
  2. title
  3. title
  4. title

অৱলোকন

ভাৰতবৰ্ষত কোনো ধৰণৰ গৱেষণা কৰিবলৈ আহিব বিচৰা বিদেশীৰ বাবে গৱেষণা ভিছা প্ৰদান কৰা হয়। গৱেষণা ভিছা প্ৰদান কৰা হোৱা পিছত সেই গৱেষক গৰাকীৰ পৰিয়ালৰ সদস্যসকলৰ বাবে অতি কম বৈধতা সম্পন্ন এক প্ৰৱেশ ভিছা প্ৰদান কৰা হয়।

সাধাৰণতে, এই ভিছাৰ ম্যাদ সম্পূৰ্ণ ৩ বছৰ হয় কিন্তু গৱেষকজনৰ গৱেষণা, কৰ্মৰ ওপৰত ভিত্তি কৰি এই ভিছা সম্প্ৰসাৰণ হ’ব পাৰে। আচলতে, ভিছা খনৰ মুঠ বৈধতা গৱেষণা কৰিবলৈ অহা শিক্ষানুস্থানৰ মতেহে হয়। যদি প্ৰয়োজন হয়, এই ভিছাৰ ম্যাদ ৬ মাহলৈ বৃদ্ধি কৰিব পাৰি, কিন্তু তাতকৈ বেছি সম্প্ৰসাৰণৰ বাবে অনুমতি পাচপোৰ্ট কেন্দ্ৰৰ দ্বাৰা দিয়া নহয়।

প্ৰক্ৰিয়া

এফ আৰ অ’ অফিস সমূহে আবেদনসমূহ মূখ্য কাৰ্য্যালয়ত জমা দিয়ে। ভিছা সম্প্ৰসাৰণৰ বাবে আবেদন সমূহ এচ পি, এচ বি, অসম , কাহিলীপাৰা, গুৱাহাটীৰ পৰা সকলো প্ৰয়োজনীয় নথি-পত্ৰ, যেনে- পাচপোৰ্ট, ভিছাৰ সৈতে ৰাজ্য চৰকাৰৰ ওচৰত জমা হয়। পাচপোৰ্টৰ বৈধতা তথা ভিছা মেন্যুৱেল অনুযায়ী ৰাজ্য চৰকাৰে ভিছা সমূহৰ সম্প্ৰসাৰণ কৰে।

অৰ্হতা

গৱেষণা ভিছা গৱেষক বিদ্বানসকলক আৰু গৱেষণা সম্বন্ধীয় সন্মিলন/কৰ্মশালা আদইত উপস্থিত হ’ব বিচৰা বিদেশীসকলক প্ৰদান কৰা হয়।

প্ৰ-পত্ৰ পূৰণৰ নিৰ্দেশিকা

https://indianvisaonline.gov.in/visa/index.htmlউল্লিখিত লিংকটিত ক্লিক কৰি নিৰ্দেশিকা সমূহ দৰ্শন কৰিব পাৰে।

মাচুল

অধিক জানিবৰ বাবে, boi.gov.inলিংকত ক্লিক কৰক।

প্ৰয়োজনীয় নথি-পত্ৰ

ক) আবেদনকাৰীৰ ফটো

খ) ফটো পৃষ্ঠা, বৈধতা সূচক পৃষ্ঠা, ভাৰত অভিবাসন বহন কৰা ষ্টাম্পৰ সৈতে ভিছা।

গ) হোটেল/ল’জ, বিদ্যুৎ বিল/ লেণ্ডলাইন টেলিফোনৰ বিলৰ একোটা কপিৰ লগতে লেণ্ডলৰ্ডৰ একোটা পৰিচয় পত্ৰৰ কপি ।

ঘ) বনাফাইড চাৰ্টিফিকেট

আৱশ্যকীয় সময়সীমা

গৱেষণা ভিছাসমূহ জাৰি কৰাৰ চাৰি সপ্তাহলৈকে সেইখন বৈধ হৈ থাকে।

কিদৰে আবেদন কৰিব

আবেদন কৰিব খোজা সকলে boi.gov.in ৱেবচাইট দৰ্শন কৰি অনলাইন প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব আৰু স্থানীয় দূতাবাসত প্ৰ-পত্ৰখন প্ৰয়োজনীয় নথি-পত্ৰৰে সৈতে জমা দিব লাগিব।

সেৱাৰ প্ৰকাৰ

অনলাইন/অফলাইন সেৱা

পূৰণ কৰিবলগীয়া প্ৰ-পত্ৰ

https://indianfrro.gov.in/frro/menufrrodoc.jsp?t4g=4E12FAQOএই লিংকত ক্লিক কৰক।

যোগাযোগৰ ব্যক্তি

এফআৰঅ’/এফপিআৰঅ’