মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পাৰপত্ৰ বিভাগ

কৰ্মসংস্থাপন ভিছাৰ সম্প্ৰসাৰণৰ বাবে আবেদন

মূল বিষয়:

  • এখন বৈধ ৰাষ্ট্ৰীয় পাচপোৰ্ট আৰু এখন বৈধ ভিছা থকাটো বাঞ্চনীয়।
  • ভাৰতত প্ৰৱেশ কৰা ছয় মাহ পৰ্যন্ত পাচপোৰ্ট খনৰ ম্যাদ থাকিব লাগিব।
  • এনে এজন বিদেশী, যিয়ে ভাৰতীয় কোম্পানীৰ অধীনত কাৰ্যনিৰ্বাহ কৰি আছে তেওঁৰ বাবে এই সম্প্ৰসাৰণ প্ৰযোজ্য।
  • কোনো এক বেচৰকাৰী প্ৰতিষ্ঠানৰ সৈতে স্বেচ্ছাসেৱী কামত বৰ্তি থকা বিদেশীৰ বাব এই সম্প্ৰসাৰণ প্ৰযোজ্য।

অৱলোকন

ভাৰতত পঞ্জীয়নভূক্ত যিকোনো প্ৰতিষ্ঠানৰ সৈতে জড়িত বিদেশীসকলৰ বাবে কৰ্মসংস্থান ভিছা প্ৰদান কৰা হয়। কৰ্মসংস্থান ভিছাৰ ম্যাদ চুক্তি সম্পূৰ্ণ হোৱালৈকে থাকে আৰু সাধাৰণতে ইয়াৰ বৈধতা ১ বছৰ হয়। ভিছা সম্প্ৰসাৰণ কাৰ্য্য কেৱল ভাৰততহে হয়। কৰ্মসংস্থান ভিছা একাধিক প্ৰৱেশৰ বিকল্পৰে সৈতে প্ৰদান কৰা হয় যাতে এজন ব্যক্তিয়ে একেখন ভিছাৰ সহায়ত বহুবাৰ ভাৰতত প্ৰৱেশ কৰিব পাৰে।

ক্ৰিয়া প্ৰবাহ

এফ আৰ অ’ অফিস সমূহে আবেদনসমূহ মূখ্য কাৰ্য্যালয়ত জমা দিয়ে। ভিছা সম্প্ৰসাৰণৰ বাবে আবেদন সমূহ এচ পি, এচ বি, অসম , কাহিলীপাৰা, গুৱাহাটীৰ পৰা সকলো প্ৰয়োজনীয় নথি-পত্ৰ, যেনে- পাচপোৰ্ট, ভিছাৰ সৈতে ৰাজ্য চৰকাৰৰ ওচৰত জমা হয়। পাচপোৰ্টৰ বৈধতা তথা ভিছা মেন্যুৱেল অনুযায়ী ৰাজ্য চৰকাৰে ভিছা সমূহৰ সম্প্ৰসাৰণ কৰে।

অৰ্হতা

  • আবেদনকাৰী ভাৰতত পঞ্জীয়ন হোৱা কোনো প্ৰতিষ্ঠান/সংগঠন/উদ্যোগৰ সৈতে জড়িত থাকিব লাগিব ।
  • সাধাৰণ বা সচিব সম্বন্ধীয় বা কেৰাণী সম্বন্ধীয় কামৰ বাবে কৰ্মসংস্থাপন ভিছা প্ৰদান কৰা নহয়।
  •  
  • কৰ্মচাৰীজনৰ মাহিলী বেতন ২৫,০০০ ডলাৰতকৈ কম হ’ব নোৱাৰিব।

কৰ্মসংস্থাপন ভিছাৰ বাবে অধিক জানিবৰ বাবে,http://boi.gov.in/content/employment-visa-e লিংক দৰ্শন কৰিব পাৰে।

প্ৰ-পত্ৰ পূৰণৰ নিৰ্দেশিকা

প্ৰ-পত্ৰ পূৰণৰ নিৰ্দেশিকাৰ বাবে https://indianvisaonline.gov.in/visa/index.htmlলিংকত ক্লিক কৰক।

মাচুল

সকলো দেশৰ দূতাবাসৰ মূল্যৰ ওপৰত ভিত্তি কৰি কৰ্মসংস্থাপন ভিছাৰ মূল্য বেলেগ বেলেগ হয়। তদুপৰি ভিছাৰ ম্যাদৰ ওপৰত নিৰ্ভৰ কৰিও ভিছাৰ মাচুলৰ পৰিৱৰ্তন হয়।

প্ৰৱোজনীয় নথি-পত্ৰ

  • ৬ মাহৰ বৈধতা থকা পাচপোৰ্ট
  • পাচপোৰ্ট আকাৰৰ ফটোগ্ৰাফ
  • পাচপোৰ্টৰ ফটো কপি
  • অনলাইন প্ৰ-পত্ৰখনৰ এটা কপি
  • নিযুক্তি পত্ৰ
  • চুক্তি পত্ৰ
  • আবেদনকাৰীৰ সংক্ষিপ্ত বিৱৰণ
  • সংস্থাৰ পঞ্জীয়ন
  • কৰ দায়ী পত্ৰ
  • প্ৰকল্পৰ বিৱৰণ
  • ভাৰতস্থিত প্ৰায়োজক সংস্থাৰ পত্ৰ
  • নিয়োগকৰ্তাৰ তৰফৰ পৰা সমৰ্থন পত্ৰ

আৱশ্যকীয় সময়সীমা

কৰ্মসংস্থাপন ভিছা দূতাবাস/বাণিজ্যিক দূতাবাসৰ তৰফৰ পৰা ১ বছৰৰ বৈধতাৰ সৈতে প্ৰদান কৰা হয়। এই ভিছাৰ ম্যাদ নিৰ্ভৰ কৰে ভিছা বহনকাৰীজনৰ নিজস্ব দক্ষতা তথা তেওঁক সংস্থাপন দিয়া সংস্থাৰ ওপৰত। প্ৰযুক্তিবিদ এজনৰ বাবে এই ম্যাদ ৩ বছৰৰ পৰা ৫ বছৰ পৰ্যন্ত হ’ব পাৰে। এখন ভিছাৰ দ্বাৰাই একাধিক বাৰ ভ্ৰমণ কৰিব পৰা সুবিধাই এই ভিছাক এক বিশেষ স্থান প্ৰদান কৰে।

কিদৰে আবেদন কৰিব

আবেদন কৰিব খোজা সকলে boi.gov.in ৱেবচাইট দৰ্শন কৰি অনলাইন প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব আৰু স্থানীয় দূতাবাসত প্ৰ-পত্ৰখন প্ৰয়োজনীয় নথি-পত্ৰৰে সৈতে জমা দিব লাগিব।

সেৱাৰ প্ৰকাৰ

অনলাইন আৰু অফলাইন দুইধৰণেই এই সেৱা প্ৰদান কৰা হয়।

পূৰণ কৰিবলগীয়া প্ৰ-পত্ৰ

প্ৰ-পত্ৰ পূৰণৰ বাবে লিংক পৰিদৰ্শন কৰক।https://indianfrro.gov.in/frro/menufrrodoc.jsp?t4g=4E12FAQO

যোগাযোগ কৰক

 FRO/FRRO