মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পাৰপত্ৰ বিভাগ

মেডিকেল ভিছা সম্প্ৰসাৰণৰ বাবে আবেদন

মূল বিষয়:

  • এখন বৈধ ৰাষ্ট্ৰীয় পাচপোৰ্ট আৰু এখন বৈধ ভিছা থকাটো বাঞ্চনীয়।
  • চিকিৎসাৰ বাবে অহা ৰোগী পৰ্যটকসকলৰ বাবে এই ভিছা প্ৰযোজ্য।
  • চিকিৎসালয়/চিকিৎসা কেন্দ্ৰসমূহ পূৰ্ব স্বীকৃত/প্ৰতিষ্ঠিত হ’ব লাগিব।
  • দুজন তেজৰ সম্বন্ধ থকা লোক বেলেগ বেলেগ সেৱক ভিছাৰ দ্বাৰা আবেদনকাৰীৰ লগত থকাৰ অনুমতি আছে।
  • সেৱক ভিছা আৰু মেডিকেল ভিছা প্ৰায় এক ধৰণৰ হয়।
  • মেডিকেল ভিছাৰ সম্প্ৰসাৰণ কেৱল আৰু কেৱল চিকিৎসাৰ বাবে কৰিব পৰা যায়।

অৱলোকন

যদি কোনো এজন বিদেশী নাগৰিক ভাৰতলৈ নিজৰ চিকিৎসাৰ বাবে আহিব খোজে, তেন্তে তেখেতৰ বাবে মেডিকেল ভিছা প্ৰদান কৰা হয়। চিকিৎসা পদ্ধতিৰ প্ৰতি লক্ষ্য ৰাখি এই ভিছা একক বা একাধিক বাৰ প্ৰৱেশযোগ্য কৰি গঠন কৰা হৈছে। ভাৰতৰ উচ্চ কমিচনাৰৰ নিৰ্দেশ মতে প্ৰয়োজনীয় সকলো নথি-পত্ৰৰ উপস্থিতিত এই ভিছা সম্প্ৰসাৰণ কৰিব পাৰি।

ক্ৰিয়া প্ৰবাহ

এফ আৰ অ’ অফিস সমূহে আবেদনসমূহ মূখ্য কাৰ্য্যালয়ত জমা দিয়ে। ভিছা সম্প্ৰসাৰণৰ বাবে আবেদন সমূহ এচ পি, এচ বি, অসম , কাহিলীপাৰা, গুৱাহাটীৰ পৰা সকলো প্ৰয়োজনীয় নথি-পত্ৰ, যেনে- পাচপোৰ্ট, ভিছাৰ সৈতে ৰাজ্য চৰকাৰৰ ওচৰত জমা হয়। পাচপোৰ্টৰ বৈধতা তথা ভিছা মেন্যুৱেল অনুযায়ী ৰাজ্য চৰকাৰে ভিছা সমূহৰ সম্প্ৰসাৰণ কৰে।

অৰ্হতা

  • চিকিৎসা কৰিব বিচৰা চিকিৎসালয়/চিকিৎসা কেন্দ্ৰ পূৰ্ব প্ৰতিস্থিত/স্বীকৃতপ্ৰাপ্ত হ’ব লাগিব।
  • পাচপোৰ্টৰ বৈধতা অন্ততঃ ৬ মাহ থাকিব লাগিব।
  • আন্তৰ্জাতিক ভ্ৰমণকাৰীসকলৰ লগত তেওঁলোকৰ উভটনি টিকট থকাটো বাঞ্চনীয়।

প্ৰ-পত্ৰ পূৰণৰ নিৰ্দেশিকা

প্ৰ-পত্ৰ পূৰণৰ নিৰ্দেশাৱলী

মাচুল

 

প্ৰয়োজনীয় নথি-পত্ৰ

  • আবেদনকাৰীৰ ফটো
  • ফটো পৃষ্ঠা, বৈধতা সূচক পৃষ্ঠা, ভাৰত অভিবাসন বহন কৰা ষ্টাম্পৰ সৈতে ভিছা।
  • হোটেল/ল’জ, বিদ্যুৎ বিল/ লেণ্ডলাইন টেলিফোনৰ বিলৰ একোটা কপিৰ লগতে লেণ্ডলৰ্ডৰ একোটা পৰিচয় পত্ৰৰ কপি ।
  • চিকিৎসাধীন হৈ থকা চিকিৎসালৰ পৰা সন্মতি পত্ৰ
 

আৱশ্যকীয় সময়সীমা

সাধাৰণতে এই ভিছাৰ ম্যাদ ১ বছৰ থাকে কিন্তু চিকিৎসা কালৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ বৈধতা বৃদ্ধি হ’ব পাৰে।

কিদৰে আবেদন কৰিব

আবেদন কৰিব খোজা সকলে boi.gov.in ৱেবচাইট দৰ্শন কৰি অনলাইন প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব আৰু স্থানীয় দূতাবাসত প্ৰ-পত্ৰখন প্ৰয়োজনীয় নথি-পত্ৰৰে সৈতে জমা দিব লাগিব।

সেৱাৰ প্ৰকাৰ

অনলাইন আৰু অফলাইন দুইধৰণেই এই সেৱা প্ৰদান কৰা হয়।

পূৰণ কৰিবলগীয়া প্ৰ-পত্ৰ

প্ৰ-পত্ৰ পূৰণৰ বাবে লিংক পৰিদৰ্শন কৰক।

যোগাযোগ কৰক

 FRO/FRRO