মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পাৰপত্ৰ বিভাগ

পৰ্যটন ভিছাৰ সম্প্ৰসাৰণৰ বাবে আবেদন

মূল বিষয়:

  • ভাৰতত প্ৰৱেশ কৰা বিদেশীসকলৰ একোখন বৈধ পাচপোৰ্ট আৰু ভিছা থকাটো বাঞ্চনীয়।
  • পৰ্যটন বা অব্যৱসায়িক কামত ভাৰত ভ্ৰমণৰ বাবে অহা বিদেশীৰ বাবে এই সম্প্ৰসাৰণ উপযুক্ত।
  • ভ্ৰমণকাৰীসকলে ই-ভিছা বা নিয়মীয়া পৰ্যটক ভিছাৰ বাবে আবেদন কৰিব পাৰে।
  • ই-ভিছা ইলেকট্ৰনিকভাৱে প্ৰদান কৰা হয়।
  • আফগাণিস্তান, পাকিস্তান আদি দেশৰ ভ্ৰমণ কৰোতাসকলৰ দ্বিতীয়বাৰ ভাৰত ভ্ৰমণৰ মাজত দুই মাহৰ ব্যৱধান থাকিব লাগিব।
  • পৰ্যটন ভিছাক প্ৰৱেশ ভিছা আৰু মেডিকেল ভিছালৈ ূপান্তৰ কৰিব পৰা যাব পাৰে।

অৱলোকন

ভাৰত চৰকাৰৰ নিৰ্দেশিকা অনুযায়ী পৰ্যটন ভিছা এনে এজন বিদেশীক হে দিব পৰা যাব, যাৰ ভাৰতত কোনো ধৰণৰ বাসস্থান বা ব্যৱসায় নাই আৰু তেঁওৰ ভাৰতলৈ অহাৰ মূল উদ্দেশ্য হৈছে মনোৰঞ্জন, প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ আৰু আত্মীয়-স্বজন।এখন পৰ্যটন ভিছাত আৰু কোনো ধৰণৰ গতিবিধিৰ অনুমতি নাথাকে। পৰ্যটন ভিছা অ-সম্প্ৰসাৰণীয় আৰু অপৰিৱৰ্তনীয়। একোখন পৰ্যটন ভিছাৰ অধীনত ভাৰতলৈ দুবাৰ ভ্ৰমণৰ মাজত দুই মাহৰ ব্যৱধান থকাটো জৰুৰী।

ক্ৰিয়া প্ৰবাহ

এফ আৰ অ’ অফিস সমূহে আবেদনসমূহ মূখ্য কাৰ্য্যালয়ত জমা দিয়ে। ভিছা সম্প্ৰসাৰণৰ বাবে আবেদন সমূহ এচ পি, এচ বি, অসম , কাহিলীপাৰা, গুৱাহাটীৰ পৰা সকলো প্ৰয়োজনীয় নথি-পত্ৰ, যেনে- পাচপোৰ্ট, ভিছাৰ সৈতে ৰাজ্য চৰকাৰৰ ওচৰত জমা হয়। পাচপোৰ্টৰ বৈধতা তথা ভিছা মেন্যুৱেল অনুযায়ী ৰাজ্য চৰকাৰে ভিছা সমূহৰ সম্প্ৰসাৰণ কৰে।

অৰ্হতা

  • অব্যৱসায়িক কামৰ বাবে অতিকৈ উপযুক্ত।
  • ভাৰতলৈ আগমণ কৰাৰ সময়ত পাচপোৰ্ট খনৰ বৈধতা অতি কমেও ৬ মাহ হোৱাটো বাঞ্চনীয়।
  • আন্তৰ্জাতিক ভ্ৰমণকাৰীসকলৰ লগত ঘুৰি যোৱা টিকট আৰু ভাৰতত থকাৰ নিমিত্তে প্ৰয়োজনী্য ধন থাকিব লাগিব।
  • কুটনৈতিক/চৰকাৰী পাচপোৰ্ট বহণকাৰী সকলৰ বাবে প্ৰযোজ্য নহয়।
  • ভাৰতীয় ূলকৰ নাগৰিকৰ বাবে প্ৰযোজ্য নহয়।
  • প্ৰত্যেকৰে নিজাকৈ একোখন পাচপোৰ্ট থকাটো জৰুৰী।
  • আন্তৰ্জাতিক ভ্ৰমণ নথি-পত্ৰ বহনকাৰীসকলৰ বাবে প্ৰযোজ্য নহয়।

প্ৰ-পত্ৰ পূৰণৰ নিৰ্দেশিকা

অনলাইন প্ৰ-পত্ৰ পূৰণৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা

মাচুল

প্ৰয়োজনীয় নথি-পত্ৰ

  • আবেদনকাৰীৰ ফটো
  • ফটো পৃষ্ঠা, বৈধতা সূচক পৃষ্ঠা, ভাৰত অভিবাসন বহন কৰা ষ্টাম্পৰ সৈতে ভিছা।
  • হোটেল/ল’জ, বিদ্যুৎ বিল/ লেণ্ডলাইন টেলিফোনৰ বিলৰ একোটা কপিৰ লগতে লেণ্ডলৰ্ডৰ একোটা পৰিচয় পত্ৰৰ কপি ।

আৱশ্যকীয় সময়সীমা

বিদেশী নাগৰিকসকলে তেওঁলোকৰ ভিছাৰ বৈধতা শেষ হোৱাৰ ৬০ দিনৰ আগে আগে ভিছা সম্প্ৰসাৰণৰ বাবে আবেদন কৰিব লাগিব।

কিদৰে আবেদন কৰিব

আবেদন কৰিব খোজা সকলে boi.gov.in ৱেবচাইট দৰ্শন কৰি অনলাইন প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব আৰু স্থানীয় দূতাবাসত প্ৰ-পত্ৰখন প্ৰয়োজনীয় নথি-পত্ৰৰে সৈতে জমা দিব লাগিব।

পূৰণ কৰিবলগীয়া প্ৰ-পত্ৰ

অনলাইন ভিছা ফৰ্ম

যোগাযোগ কৰক