মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পাৰপত্ৰ বিভাগ

শিক্ষাৰ্থী ভিছাৰ বাবে আবেদন

মূল বিষয়

  • প্ৰকৃত শিক্ষাৰ্থীৰ বাবে একাধিক প্ৰৱেশ ভিছাৰ প্ৰদান।
  • আনুস্থানিক ভাৱে স্বীকৃতপ্ৰাপ্ত প্ৰতিষ্ঠানত অধ্যয়নৰত শিক্ষাৰ্থীৰ বাবে ভিছা প্ৰদান।
  • সংশ্লিষ্ট এফ আৰ অ’ ৰ অধীনত পঞ্জীকৰণ কৰাটো বাধ্যতামূলক।
  • বিদেশী নাগৰিকসকলে অনুমোদিত প্ৰতিধিৰ মাধ্যমেৰে পঞ্জীকৰণ কৰিব পাৰে।
  • পঞ্জীকৰণ এদিনতে সম্পন্ন হ’ব পাৰে, কিন্তু বিভিন্ন বিষয়ৰ তদন্তৰ বাবে এই পঞ্জীকৰণ সম্পূৰ্ণ হওঁতে সময় লাগিব পাৰে।

অৱলোকন

ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত শিক্ষা প্ৰতিষ্ঠানত নিয়মিত শিক্ষা গ্ৰহণ কৰা যিকোনো বিদেশী শিক্ষাৰ্থীৰ বাবে এই ভিছা প্ৰদান কৰা হয়। চিংগল, ডাবল আৰু ত্ৰিপল এণ্ট্ৰি যুক্ত এই ভিছা সমূহ প্ৰতিষ্ঠানৰ অনুমোদন ক্ৰমে শিক্ষাৰ সময়চোৱাৰ বাবে বৈধতাপ্ৰাপ্ত। ভিছাৰ বৈধতা ভাৰতৰ সংশ্লিষ্ট বিভাগৰ দ্বাৰা জাৰি কৰা তাৰিখৰ পৰা আবেদনপত্ৰৰ তাৰিখলৈকে সীমিত।

শিক্ষাৰ্থীসকলে আগমণৰ ১৪ দিন ভিতৰত নিজস্ব বৈদেশিক ক্ষেত্ৰীয় নিবন্ধন বিষয়াৰ ওচৰত নিজৰ গন্তব্যস্থান, থাকিব খোজা বাসস্থান আদিৰ তথ্যৰে সৈতে পঞ্জীয়ন কৰিব লাগিব। কিন্তু, পাকিস্তানৰ শিক্ষাৰ্থীসকলে আগমণৰ ২৪ ঘণ্টাৰ ভিতৰত পঞ্জীয়ন কৰাটোও বাধ্যতামূলক।

ক্ৰিয়া প্ৰবাহ

এফ আৰ অ’ অফিস সমূহে আবেদনসমূহ মূখ্য কাৰ্য্যালয়ত জমা দিয়ে। ভিছা সম্প্ৰসাৰণৰ বাবে আবেদন সমূহ এচ পি, এচ বি, অসম , কাহিলীপাৰা, গুৱাহাটীৰ পৰা সকলো প্ৰয়োজনীয় নথি-পত্ৰ, যেনে- পাচপোৰ্ট, ভিছাৰ সৈতে ৰাজ্য চৰকাৰৰ ওচৰত জমা হয়। পাচপোৰ্টৰ বৈধতা তথা ভিছা মেন্যুৱেল অনুযায়ী ৰাজ্য চৰকাৰে ভিছা সমূহৰ সম্প্ৰসাৰণ কৰে।

অৰ্হতা

ভাৰত চৰকাৰে পাঁচবছৰৰ বাবে অথবা অধ্যয়নৰ ম্যাদ অনুযায়ী তলত উল্লেখিত শিক্ষাৰ্থী সকলৰ বাবে এই ভিছা প্ৰদান কৰে:

  • ভাৰতত নিয়মিত আৰু পূৰ্ণকালীন অধ্যয়ন কৰিব অহা বিদেশী নাগৰিকৰ বাবে।
  • শিল্প প্ৰশিক্ষণ, গ্ৰীস্ম প্ৰকল্প আৰু ইণ্টাৰ্ণশ্বিপ কৰিবলৈ অহা বিদেশী শিক্ষাৰ্থীৰ বাবে।
  • ভৰ্ত্তি পৰীক্ষা দিয়া বা ভৰ্ত্তি হ’বৰ বাবে অহা শিক্ষাৰ্থীৰ বাবে ছয়মাহ বৈধতাযুক্ত অস্থায়ী ছাত্ৰ ভিছা।
  • আবেদনকাৰীসকলৰ লগত শিক্ষা প্ৰতিষ্ঠানৰ পূৰ্ণকালীন পাঠ্যক্ৰমত ভৰ্তি হোৱা প্ৰমাণ আৰু আৰ্থিক সহায়তাৰ প্ৰমাণ থকাটো উচিত।
  • পেৰা-মেডিকেল বা মেডিকেল পাঠ্যক্ৰমত ভৰ্তি হ’ব খোজা শিক্ষাৰ্থীসকলে স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰা এক ‘অনা-আপত্তি পত্ৰ’ গ্ৰহণ কৰাটো আৱশ্যক।
  • আবেদনকাৰীৰ লগতে তেখেতৰ সংগকাৰী পত্নী/ সন্তানেও প্ৰৱেশ ভিছাৰ বাবে আবেদন কৰাটো বাধ্যতামূলক।
  • ১৬ বছৰতকৈ কম বয়সৰ ল’ৰা-ছোৱালীৰ বাবে পঞ্জীয়নৰ কোনো প্ৰয়োজন নাই।

প্ৰ-পত্ৰ পূৰণৰ নিৰ্দেশিকা

অনলাইন পঞ্জীয়নৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা

 

মাচুল

প্ৰত্যেক খন দেশৰ শিক্ষাৰ্থী ভিছাৰ বাবে মাচুল ভিন্ন হয়।৮৩৮.৫০ টকাৰ পৰা ৭৬০৯.৮২ টকা ভিতৰত এই মাচুলৰ হাৰ হ'ব পাৰে।

প্ৰয়োজনীয় নথি-পত্ৰ

  • পাচপোৰ্ট আকাৰৰ ফটোগ্ৰাফ।
  • ফটো পৃষ্ঠা, বৈধতা সূচক পৃষ্ঠা, ভাৰত অভিবাসন বহন কৰা ষ্টাম্পৰ সৈতে ভিছা।
  • হোটেল/ল’জ, বিদ্যুৎ বিল/ লেণ্ডলাইন টেলিফোনৰ বিলৰ একোটা কপিৰ লগতে লেণ্ডলৰ্ডৰ একোটা পৰিচয় পত্ৰৰ কপি ।
  • বিশ্ববিদ্যালয়/শিক্ষা প্ৰতিষ্ঠানৰ হোষ্টেলত থকা শিক্ষাৰ্থীৰ বাবে হোষ্টেল কৰ্তৃপক্ষৰ তৰফৰ পৰা প্ৰদান কৰা অনুজ্ঞা পত্ৰ।
  • বোনাফাইড প্ৰমাণ-পত্ৰ।

আৱশ্যকীয় সময়সীমা

বিদেশী নাগৰিকসকলে তেওঁলোকৰ ভিছাৰ বৈধতা শেষ হোৱাৰ ৬০ দিনৰ আগে আগে ভিছা সম্প্ৰসাৰণৰ বাবে আবেদন কৰিব লাগিব।

কিদৰে আবেদন কৰিব

আবেদন কৰিব খোজা সকলে boi.gov.inৱেবচাইট দৰ্শন কৰি অনলাইন প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব আৰু স্থানীয় দূতাবাসত প্ৰ-পত্ৰখন প্ৰয়োজনীয় নথি-পত্ৰৰে সৈতে জমা দিব লাগিব।

সেৱাৰ প্ৰকাৰ

ভিছাৰ বাবে আবেদন অনলাইন আৰু অফলাইন দুই ধৰণে কৰিব পাৰি।

পূৰণ কৰিবলগীয়া প্ৰ-পত্ৰ

অনলাইন ভিছা সম্প্ৰসাৰণ

যোগাযোগ কৰক

 FRO/FRRO