মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পাৰপত্ৰ বিভাগ

প্ৰৱেশ ভিছাৰ সম্পসাৰণ

ভাৰতীয় মূলকৰ যিকোনো লোককে প্ৰৱেশ ভিছা প্ৰদান কৰা হয়, যাৰ দ্বাৰা সেইজন লোকক ভাৰতৰ জাতীয়তা গ্ৰহণকাৰী ব্যক্তি বা ভাৰতীয় নাগৰিকত্ব থকা লোকৰ সন্তান বা নাতি হিচাপে পৰিচয় প্ৰদান কৰা হয়। আচলতে, ভাৰতৰ নাগৰিকত্ব থকা সকলোৱে পৰ্যটক ভিছাৰ সলনি প্ৰৱেশ ভিছাৰ বাবে আবেদন কৰা উচিত।

ভিছা সম্প্ৰসাৰণ:

‘X’ ভিছা গ্ৰহণকাৰী বিদেশী নাগৰিকসকলে প্ৰৱেশ ভিছাৰ সম্প্ৰসাৰণৰ বাবে তেওলোকৰ সম্বন্ধীয় এফএফআৰঅ’/এফআৰঅ’ সহিত আৰক্ষী অধীক্ষকৰ ওচৰত তলত দিয়া নথি-পত্ৰৰ সৈতে যোগাযোগ কৰিব পাৰে:

  • ভিছা সম্প্ৰসাৰণ প্ৰ-পত্ৰ
  • বৰ্তমান সময়ৰ পাচপোৰ্ট আকাৰৰ ফটো
  • পাচপোৰ্ট/ ভিছা/ পঞ্জীকৰণ প্ৰমাণ পত্ৰৰ অনুলিপি বা ফটোকপি
  • বৈধ আৰু দলিলযুক্ত পট্টা অথবা খাজনা/ ভাড়াৰ চুক্তিৰ ফটোকপি বা হোটেলৰ ফৰ্ম-চি ৰ একোটা ফটোকপি বা সাম্প্ৰতিক সময়ৰ বিদ্যুৎ/ টেলিফোন বিল আৰু লগতে বসবাসৰ প্ৰমাণ হিচাপে ভাড়া প্ৰদানকাৰী বা লেণ্ডলৰ্ডৰ পৰা এখন চিঠি।
  • পাচপোৰ্টৰ মূখ্য কপি
  • ভাৰতীয় পাচপোৰ্ট আৰু ক্ষতিপূৰণ পত্ৰৰ সৈতে বিবাহৰ প্ৰমাণ-পত্ৰৰ একোটা প্ৰতিলিপি।
  • জন্মৰ প্ৰমাণপত্ৰৰ প্ৰতিলিপিৰ লগতে যিকোনো এজন অভিভাৱকৰ পাচপোৰ্টৰ প্ৰতিলিপি।