মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পাৰপত্ৰ বিভাগ

দীৰ্ঘকালীন ভিছাৰ সম্প্ৰসাৰণ

দীৰ্ঘকালীন ভিছাক এনেদৰে বৰ্গীকৃত কৰা হৈছে যে, এই ভিছা থকা কোনো এজন বিদেশী নাগৰিক সৰ্বাধিক ১৮০ দিন (৬ মাহ) ভাৰতত থাকিব পাৰিব। তাৰোপৰি, মূখ্য ভিছা সেৱাৰ দ্বাৰা কৰ্মসংস্থান, প্ৰৱেশ আৰু ছাত্ৰ ভিছা লাভ কৰিব পাৰি। প্ৰত্যেক প্ৰকাৰৰ ভিছাৰ বাবে বেলেগ বেলেগ নথি-পত্ৰৰ প্ৰয়োজন হ’ব পাৰে আৰু ভিছা সম্প্ৰসাৰণৰ আবেদন সমূহ বৰ্তমানৰ ভিছাৰ ম্যাদ উকলি যোৱাৰ আগেয়ে জমা কৰাটো বাঞ্চনীয় ।

দীৰ্ঘকালীন ভিছাৰ বাবে প্ৰথমে নিজৰ এলেকাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত পঞ্জীকৰণ কৰিব লাগিব। এই প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত একোখন পঞ্জীকৰণ প্ৰমাণপত্ৰ প্ৰদান কৰা হয় আৰু এই প্ৰমাণ পত্ৰক পৰৱৰ্তী সময়ত নিবাসী পাৰমিট লাভ কৰিব বাবে ব্যৱহাৰ কৰিব পৰা যায়। ভাৰতত নিজৰ কৰ্মসংস্থান বিচৰা প্ৰত্যেক জন বিদেশীৰ বাবে এই নিবাসী পাৰমিট থকাটো অতিকৈ জৰুৰী। ৰেজিষ্ট্ৰেসন কাৰ্যালয়ত তলত উল্লিখিত সকলো ধৰণৰ প্ৰয়োজনীয় নথি-পত্ৰৰে সৈতে এখন পঞ্জীকৰণ প্ৰ-পত্ৰত হস্তাক্ষৰ প্ৰদান কৰাটো বাঞ্চনীয়::

  • চাৰিখন পাচপোৰ্ট আকাৰৰ ফটো
  • বৈধ ভিছাৰ সৈতে পাচপোৰ্ট
  • পাচপোৰ্টৰ ফটো পৃষ্ঠাৰ আৰু ভিছাৰ তিনিটাকৈ ফটোকপি
  • নিবাসৰ প্ৰমাণ আৰু বিৱৰণৰ তিনিটাকৈ অনুলিপি বা ফটোকপি
  • পঞ্জীকৰণ মূল্য: ১০০ টকা

বি:দ্ৰ:কৰ্মসম্পৰ্কীয়, ব্যৱসায়িক আৰু ছাত্ৰ ভিছাৰ বাবে বেলেগ নথি-পত্ৰৰ প্ৰয়োজন।