মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পাৰপত্ৰ বিভাগ

ভিছাৰ বাবে নিৰ্দেশনা

সকলো বিদেশী নাগৰিক, যিসকলে ভাৰত ভ্ৰমণ কৰিবলৈ অহাৰ মানস ৰাখে, তেওঁলোকে পাচপোৰ্টৰ ৰূপত এক ভ্ৰমণ পত্ৰ আৰু এখন বৈধ ভিছা লগত ৰখাটো বাঞ্চনীয়। ভিছা আবেদন কৰিব বিচৰা সকলে ভিছা অনলাইঅন আবেদন পত্ৰৰ দ্বাৰা অনলাইন ভাৱে আবেদন কৰিব পাৰে।

তলত ভিছা আবেদনৰ বাবে এক চমু নিৰ্দেশনা প্ৰদৰ্শন কৰা হ’ল :

প্ৰয়োজনীয় নথি-পত্ৰৰ যুগুতকৰণ

  • বগা পটভূমিৰে সৈতে ২x২ আকাৰৰ আবেদনকাৰীৰ ফটো
  • সকলো বিৱৰণৰে সৈতে পাচপোৰ্টৰ এক স্কেন কপি

অনলাইন আবেদন

ভাৰত চৰকাৰে বৰ্তমান ভ্ৰমণকাৰীসকলৰ বাবে দুই ধৰণৰ ভিছাৰ ব্যৱস্থা কৰিছে- পৰম্পৰাগত ভিছা আৰু ই-ভিছা

ই-ভিছাৰ আবেদনৰ বাবে ক্লিক কৰক।

  • আপুনি আবেদন পত্ৰ খনত আপোনাৰ ভৰতলৈ অহাৰ কাৰণ দৰ্শাব লাগিব আৰু লগতে ভাৰতত বাস কৰা এজন লোকক নিজৰ সংগী হিচাপে পৰিচয় দিয়াব পাৰিব লাগিব।
  • যদি, আপুনি হোটেলত থিতাপি লৈছে, তেন্তে আপুনি সেই হোটেল খনৰ নাম, ঠিকনা আদি দিব পাৰে।

মাচুল আদায় কৰক

 

ই-মেইল অনুমোদন

আবেদন পত্ৰৰ জমা আৰু দিব লগা মাচুল পৰিশোধ কৰা প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছত আবেদনকাৰীয়ে এটা স্বীকৃতযুক্ত ই-মেইল পাব য’ত আবেদনকাৰী আইডি বুলি এটা বিশেষ নম্বৰ আবেদনকাৰীজনৰ বাবে থাকিব।;

স্থিতি নিৰীক্ষণৰ বাবে,https://indianvisaonline.gov.in/evisa/StatusEnquiryলিংকত ক্লিক কৰিব পাৰে।

ভিছা খনৰ এটা প্ৰিণ্ট কপি উলিয়াই ৰাখক

আপোনাৰ ভিছা প্ৰিণ্ট কৰক আৰু ইয়ে ভাৰতত প্ৰৱেশ কৰাৰ বাবে আপোনাৰ গ্ৰীণ কাৰ্ড।