মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পাৰপত্ৰ বিভাগ

পাচপোৰ্ট আবেদন তথা নবীকৰণ প্ৰক্ৰিয়া

ভাৰতৰ বাহিৰলৈ ভ্ৰমণ কৰা বা আগন্তুক সময়ত ভ্ৰমণ কৰাৰ ইচ্ছা ৰখা ভাৰতীয়সকলে একোখন বৈধ পাচপোৰ্ট বা ভ্ৰমণ পত্ৰ লগত ৰখাটো অতিকৈ প্ৰয়োজনীয়। পাচপোৰ্ট আইন, ১৯৬৭ ৰ অধীনত ভাৰত চৰকাৰে প্ৰয়োজন সাপেক্ষে বিভিন্ন ধৰণৰ পাচপোৰ্ট ও ভ্ৰমণ নথি-পত্ৰ, যেনে- সাধাৰণ পাচপোৰ্ট, কূটনৈতিক পাচপোৰ্ট, বিভাগীয় পাচপোৰ্ট, জৰুৰীকালীন প্ৰমাণপত্ৰ আৰু পৰিচয় প্ৰমাণ পত্ৰৰ প্ৰকাশ কৰে।

নতুন পাচপোৰ্ট প্ৰদান: এখন পাচপোৰ্ট নতুনকৈ আবেদন কৰাৰ ক্ষেত্ৰত, আবেদনকাৰীয়ে যাতে আগেয়ে কোনোধৰণৰ পাচপোৰ্ট (সাধাৰণ পাচপোৰ্ট, কূটনৈতিক পাচপোৰ্ট বা বিভাগীয় পাচপোৰ্ট) গ্ৰহণ নাই কৰা সেইটো নিশ্চিত হোৱাটো অতিকৈ আৱশ্যকীয়।

পাচপোৰ্ট পুন:নৱীকৰণ/পুন:প্ৰদান: কোনোৱে যদি তেখেতৰ বৰ্তমানে বিদ্যমান পাচপোৰ্টৰ সলনি অন্য এখন পাচপোৰ্ট ল’ব বিচাৰে, তেন্তে তেখেতে পাচপোৰ্ট নৱীকৰণ বা পুন:প্ৰদানৰ বাবে আবেদন কৰিব পাৰে।এই শাখাৰ আবেদনৰ বাবে নিম্নোক্ত কাৰণসমূহ মানিব লাগিব:

  • বৰ্তমান অন্তৰ্ভূক্ত ব্যক্তিগত বিৱৰণৰ পৰিৱৰ্তন
  • ৩ বছৰৰ ভিতৰত পাচপোৰ্টৰ ম্যাদ উকলি যোৱা
  • ৩ বছৰৰ আগেয়ে ম্যাদ শেষ হোৱা
  • পৃষ্ঠা শেষ হোৱা
  • পাচপোৰ্ট হেৰাই যোৱা/ক্ষয়প্ৰাপ্ত হোৱা

পাচপোৰ্ট প্ৰদান/নৱীকৰণৰ নতুন প্ৰক্ৰিয়া অনুসৰি আপুনি ই-ফৰ্ম জমাকৰণ বা অনলাইন ফৰ্ম জমাকৰণৰ মাধ্যমেৰে অনলাইন ভাৱে আবেদন পত্ৰ পূৰণ কৰিব লাগিব আৰু লগতে একোখনকৈ পুলিচ প্ৰমাণ পত্ৰ যথাযথভাৱে ভৰ্তি কৰি জমা দিব লাগিব। পাচপোৰ্ট আবেদনৰ নতুন পদ্ধতিৰ অধীনত পাচপোৰ্ট প্ৰদানকাৰী কৰ্তৃপক্ষক আবেদনকাৰীৰ ফটো, বায়’মেট্ৰিক্স তথা সিদ্ধান্ত গ্ৰহণৰ বাবে আবেদনকাৰীসকলক নিজেই পাচপোৰ্ট সেৱা কেন্দ্ৰত উপস্থিত থাকিব লাগিব।